লখিমপুৰঃ অসমৰ বাবে আন এক ভয়াবহ খবৰ। অৰুণাচলত পুনৰ ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ।

ৰঙানদী প্ৰকল্পই ইতিমধ্যে ধ্বংস কৰিছে লখিমপুৰক। বাৰিষা কালৰূপ ধৰি লখিমপুৰক বিধ্বস্ত কৰা ৰঙানদী এতিয়া মৃত। ৰঙানদী প্ৰকল্পই ৰঙানদী আৰু ডিক্ৰং নদীৰ পাৰিপাৰ্শ্বিকতাক ধ্বংস কৰিছে।

ৰঙানদী আৰু সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে দীর্ঘদিন ধৰি বিভিন্ন দল সংগঠনে আন্দোলন কৰি আহিছে যদিও চৰকাৰ অথবা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গুৰুত্ব নাই। ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তাক গৌণ কৰি প্ৰকল্প নিৰ্মাণত উঠিপৰি লাগিছে।

এনে সময়তে পুনৰ অৰুণাচল ত ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰই প্ৰস্তুতি প্ৰায় সম্পূর্ণ কৰাৰ খবৰ ওলাইছে।

লগতে পঢ়কঃচলা সংৰক্ষিত বনাঞ্চলক সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াস গাঁওবাসীৰ

দিবাং , কামেং, লোহিত, আদি উপত্যকাত এই প্ৰকল্প সমূহ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰকল্প সমূহৰ কেইবাটাও এচিয়াৰ ভিতৰতে বৃহৎ হ’ব বুলি জানিব পৰা গৈছে।

৪০৫ মেগাৱাটৰ ৰঙানদী প্ৰকল্প আৰু নিৰ্মাণ সম্পুর্ণ নোহোৱা সোৱণশিৰি প্ৰকল্পই ইতিমধ্যে লখিমপুৰক বিধ্বস্ত কৰি ৰখাৰ সময়তে অসমৰ শিতানত পুনৰ ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ খবৰে অসমৰ বাবেই নহয় উত্তৰ -পূবৰ প্ৰতিয়েই অশনি সংকেত কঢ়িয়াই আনিছে।

অসমৰ শিতানত বৃহৎ জলবিদ্যুৎ প্ৰকল্পই ভবিষ্যতে কেনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেই আশংকাই ৰাইজ ক শংকিত কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply