সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়।তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়।হলৌ বান্দৰৰ সংৰক্ষণ বাবে কেন’পী ব্যৱহাৰ কৰিব লাগে,এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° নাৰায়ণ শৰ্মাৰ।
অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ শীৰ্ষক আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰি তেখেতে এই মন্তব্য কৰে।উল্লেখযোগ্য যে ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত বন্যপ্ৰাণী পৰ্যটনে ন মাত্ৰা লাভ কৰিছে।
ভাৰত পৰ্যটনৰ উদ্যোগত আৰু এন ই ফ’কাচ ডট কমৰ সহযোগত অনুষ্ঠিত হোৱা এই আলোচনাৰচক্ৰ খনত উপস্থিত থাকি বন বিভাগৰ মুখ্য বন সংৰক্ষক অমৃত চাহায়ে কয় যে, হলৌ বান্দৰ সংৰক্ষণ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ কেন’পী প্ৰস্তুত কৰা অথবা হলৌ বান্দৰ হোলোঙা পাৰত থকা অঞ্চলত ৰ’পৱে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে।এই সম্পৰ্কে মুখ্যমন্ত্ৰী ৰ লগত আলোচনা হৈছে।
আনহাতে আলোচনাচক্ৰ খনত অৰণ্যকৰ গৱেষক ড° দিলীপ ছেত্ৰীয়ে হলৌ বান্দৰ সংৰক্ষণৰ সম্পৰ্কত বিশদভাৱে পৰামৰ্শ আগবঢ়ায়। আলোচনাচক্ৰত ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে পূব বিপদাপন্ন প্ৰজাতিৰ আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়।
এন ই ফ’কাচ ৰ সহযোগত আয়োজিত আলোচনাচক্ৰখনত শিক্ষাৰ্থী,পৰ্যটক,প্ৰকৃতিপ্ৰেমী,অধ্যক্ষ লগতে বহু কেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক ৰূপজ্যোতি, সুশান্তৰ পিছত তৃতীয় গৰাকী কোন