নিউজ ডেস্কঃ তিনি দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক লৈ সংবাদমেল সম্বোধন কৰে জিএমচিৰ আয়ুক্ত আৰু যান-বাহন আৰক্ষী শাখাৰ ডিচিপিয়ে। সংবাদমেলযোগে জনোৱা হয় যে- সালসলনি কৰা হ’ব মহানগৰীৰ যাতায়তৰ দিশ।

ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ সময়ত গুৱাহাটীখন চাফাকৈ ৰাখিবলৈ অনুৰোধ জনাইছে জিএমচি আয়ুক্তগৰাকীয়ে। তদুপৰি, গুৱাহাটীৰ পদপথত থকা দোকান সমূহ বন্ধ ৰাখিব লৈ অনুৰোধ জনোৱা হৈছে। ৰাষ্ট্ৰপতি অহাৰ সময়ত পথ নিৰ্দেশনা প্ৰদান।

সেই অনুসৰি ২৫ তাৰিখে নামনিৰ পৰা অহা ASTC গাড়ী সমূহ ৰাষ্ট্ৰীয় ঘাইপথ হৈ ISBT লৈ যাব লাগিব। এয়াৰপৰ্টৰ পৰা মালিগাৱঁৰ কামাখ্যা গেটলৈকে ২৫ তাৰিখে ১১.২০ ৰ পৰা ১২.১৫ বজালৈকে গাড়ী সমূহ নাযাবলৈ অনুৰোধ।

২৫ তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা এটি ৰোড, এমজি ৰোড, জিএছ ৰোড, জু-ৰোডত নিশা ৯ বজালৈ সকলো কমাৰ্চিয়েল গাড়ী চলোৱাত বাধা। কামাখ্যধাম দৰ্শন কৰা হ’লে মালিগাঁও হৈ নতুনকৈ বনোৱা পথেৰে যাব লাগিব। পুৱা ৬:৩০ৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply