গুৱাহাটী: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মঙলবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি ৰাজ্যখনৰ বৰ্তমানৰ বান পৰিস্থিতিৰ বুজ লয়।

অসমৰ বান পৰিস্থিতি আৰু সাহায্য তথা উদ্ধাৰ অভিযান কি গতিত চলি তাৰ খবৰ লোৱাৰ বাবে মুখ্য মন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দক টুইট কৰি কৃতজ্ঞতা জনায়।   

ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাজ্যখনৰ বান পৰিস্থিতিৰ খবৰ ল’বলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছিল।

উল্লেখযোগ্য যে অসমত এই বছৰ বানপানীত এতিয়ালৈকে ১৮০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৯০ লাখ লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।

লগতে পঢ়ক – ৰাহুল গান্ধীৰ ভিডিঅ’ বজোৱা ZEE NEWS-ৰ এংকৰক গ্ৰেপ্তাৰৰ বাবে উত্তৰপ্ৰদেশত উপস্থিত ছত্তীশগড় আৰক্ষী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply