গুৱাহাটীঃ অসম আৰক্ষীলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান। অসম আৰক্ষীৰ উচ্চমানবিশিষ্ট সেৱাৰ বাবে ১০ মে’ত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক বিশেষ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে অসম আৰক্ষীক প্রদান কৰা হ’ব ‘ৰাষ্ট্ৰপতিৰ নিছান সন্মান’। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক এই সন্মান প্ৰদান কৰিব। অসম আৰক্ষীৰ প্ৰতিগৰাকী আৰক্ষীৰ পোছাকতে তেওঁৰ নামৰ ওপৰত এই বিশেষ পদক চিহ্নটো থাকিব। এই চিহ্নটোত অসমৰ মেপখনত ৩৬ টা তৰা, গঁড় আৰু অসম আৰক্ষীৰ প্ৰতীক চিহ্নৰে ডিজাইন কৰা হৈছে। আই আই টিৰ ডিপাৰ্টমেন্ট অৱ ডিজাইনে পদক চিহ্নটোৰ ডিজাইন কৰিছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশেষ পেৰেডত বীৰাংগনাকে ধৰি অসম আৰক্ষীৰ ১০টা গোটে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, ২০১৪ চনতে অসম আৰক্ষীক এই বিশেষ সন্মান ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, ‘ৰাষ্ট্ৰপতিৰ নিছান সন্মান’ প্ৰথম প্ৰদান কৰা হৈছিল ১৯৫২ চনত উত্তৰ প্ৰদেশ আৰক্ষীক। ইয়াৰ পিছতেই ১৯৫৪ চনত দিল্লী আৰক্ষী, ১৯৬১ চনত মহাৰাষ্ট্ৰ আৰক্ষীক আৰু ২০০৩ চনত জম্মু আৰক্ষী, ২০০৯ চনত তামিলনাডু আৰক্ষী, ২০১২চনত ত্ৰিপুৰা আৰক্ষী, ২০১৯ চনত গুজৰাট আৰক্ষীক, ২০২১ চনত হিমাচল প্ৰদেশ আৰক্ষী আৰু এই বৰ্ষৰ ১৭জানুৱাৰীত হাৰিয়ানা আৰক্ষীয়ে লাভ কৰিছিল এই সন্মান। অসম এই সন্মান লাভ কৰা দেশৰ ভিতৰতে নৱমতম ৰাজ্য হিচাপে পৰিগণিত হ’ব। এই সন্মান ৰাষ্ট্ৰপতিয়ে অৰ্পণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে অৰ্পণ কৰে।
লগতে পঢ়কঃএকাংশ লোকে অসম-মেঘালয়ৰ সীমান্ত চুক্তিক লৈ আপত্তি দৰ্শাইছেঃ কনৰাড চাংমাই