গুৱাহাটী উচ্চ ন্যায়লয়ৰ হীৰক জয়ন্তী উপলক্ষে আজি গুৱাহাটী উচ্চ ন্যায়লয়ত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। আজি এই শুভক্ষণত ৰাষ্ট্ৰপতিগৰাকীয়ে মহিলা সুৰক্ষাৰ বাবে “ভৰষা” নামৰ এটা ম’বাইল এপ মুকলি কৰে।

ভাৰতত মহিলাৰ সুৰক্ষা সদায় এক গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে। মহিলাসকলক সুৰক্ষিত অনুভৱ কৰাৰ দিশত আৰু তেওঁলোকক এখোজ আগবঢ়াই নিয়াৰ পৰিকল্পনাতেই এই ম’বাইল এপটো মুকলি কৰা হয়।

এই এপটোৰ মূল বৈশিষ্ট হৈছে মহিলাসকলে সহায় বিচৰাৰ বাবে তাৎক্ষণিক ভাবে ১৮১ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে এই হেল্পলাইনৰ জৰিয়তে দুৰ্দশাগ্ৰস্ত মহিলাসকলে তৎক্ষণাত কৰ্তৃপক্ষৰ কাষ চাপিব পাৰিব আৰু সহায় বিচাৰিব পাৰিব। এই এপটোত মহিলা সবলীকৰণৰ লক্ষ্যৰে বিভিন্ন আঁচনি আৰু তেওঁলোকৰ সুৰক্ষাৰ বিষয়েও সবিশেষ তথ্য সন্নিবিষ্ট কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply