নিউজ ডেস্কঃ দেশৰ মহামহিম তথা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্ম ৬ এপ্ৰিলত আহিব অসমলৈ। কাজিৰঙাত অনুস্থিত হ’বলগীয়া গজ মহোত্সৱত অংশগ্ৰহণৰ কৰাৰ লগতে অসমত দুটাকৈ দিন অতিবাহিত কৰিবলৈ আহিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

প্ৰজেক্ট এলিফেণ্টৰ ৩০ বছৰীয়া সফল অভিযানক স্বীকৃতি দিয়াৰ বাবে চৰকাৰে ৬-৭ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গজ উৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ জনোৱা অনুসৰি, ৭ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ ৩০ বছৰৰ সুৰক্ষাৰে বসবাস কৰা আৰু সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰিবলৈ দুদিনীয়া কাৰ্যসূচীৰে “গজ মহোত্সৱ”ৰ অনুষ্ঠান মুকলি কৰিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, প্ৰধান বন সংৰক্ষক, মুখ্য বন্যপ্ৰাণী সংৰক্ষক , স্থানীয় লোক, বেচৰকাৰী সংগঠন, ছাত্ৰ-ছাত্ৰী আদি সকলোৱে এই অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ১৯৭২ চনৰ বন্য জীৱন সংৰক্ষণ আইনৰ অনুসূচী নং ১ ত হাতীক ৰাষ্ট্ৰীয় ঐতিহ্যপ্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে। বিশ্বৰ বনৰীয়া হাতীৰ জনসংখ্যাৰ ৬০ শতাংশৰো অধিক ভাৰতত আছে। হাতী সাধাৰণতে ভাৰতৰ দক্ষিণ আৰু উত্তৰ-পূব অঞ্চলৰ লগতে পূব-মধ্য আৰু উত্তৰ অঞ্চলত পোৱা যায়।

লগতে পঢ়ক – ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ মন্দিৰৰ দ’ কুৱাত পৰি ১৩ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply