নিউজ ডেস্কঃ দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু আহিব অসমলৈ। কাজিৰঙাত অনুস্থিত হ’বলগীয়া গজ মহোৎসৱত ভাগ ল’বলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী।
৬ আৰু ৭ এপ্ৰিলত অসমত অনুষ্ঠিত হ’বলগীয়া কাজিৰঙাৰ গজ মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে।
বৰ্তমানলৈকে কাজিৰঙাৰ কোন স্থানত এই মহোৎসৱ অনুষ্ঠিত হ’ব ঠিৰাং হোৱা নাই যদিও অতি সোনকালে মহোৎসৱৰ স্থান নিৰ্ধাৰণৰ বাবে এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব বুলি সঞ্চালক শৰ্মাই জনাই।