গুৱাহাটীঃ শুকুৰবাৰে পুৱাই কন্যাৰ সৈতে শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

কামাখ্যা দৰ্শনৰ সময়ত ৰাষ্ট্ৰপতিক সংগ দিয়ে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কলাক্ষেত্ৰৰ পৰা ভাৰ্ছুৱেলী ৩০০০ মডেল অংগনৱাড়ী কেন্দ্ৰ উন্মোচন কৰিব। লগতে মুকলি কৰিব ‘মিছন সৌভাগ্য’। ইয়াৰ উপৰি চাহ বাগিচা অঞ্চলত ১০০খন মডেল ছেকেণ্ডাৰী স্কুলৰ আধাৰশিলাও স্থাপন কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বহুকেইটা অংশ উন্মোচন কৰাৰ লগতে শিলচৰৰ মইনাৰবন্দৰ অইল ইণ্ডিয়া লিমিটেডৰ ৰে’ল–ফেড পেট্ৰ’লিয়াম ষ্ট’ৰেজ ডিপোৰ আধাৰশিলা স্থাপন কৰিব।

ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব চাৰিলেনযুক্ত গহপুৰ–হোলেঙী পথ আৰু দুইলেনযুক্ত শিলচৰ–বদৰপুৰ পথ। লগতে ডিব্ৰুগড়–লিডু পথৰো আধাৰশিলা স্থাপন কৰিব । আগিয়াঠুৰী কাৰ্গো আৰু ক’চিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply