আজি অসমত উপস্থিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। 

তিনিদিনীয়া কাৰ্যসূচীৰে আজি পুৱা অসমলৈ আহিছে ৰাষ্ট্ৰপতিগৰাকী।  আজি পুৱা ১০ বজাত যোৰহাট বিমানবন্দৰত বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰে ৰাষ্ট্ৰপতি মুৰ্মুয়ে।

জানিব পৰা মতে, আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ভ্ৰমণ কৰি মনোমোহা দৃশ্য উপভোগ কৰে। অহাকালিলৈ কাজিৰঙাত অনুস্থিত হ’ব লগা গজ উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু তাৰ পিছৰ দিনা অৰ্থাৎ ৮ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্লেটিনাম জয়ন্তীত অংশগ্ৰহণ কৰিব।

আনহাতে, কাজিৰঙা গজ উৎসৱ হৈছে প্ৰতি বছৰে এছিয়াটিক হাতী সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত আয়োজিত এক উৎসৱ। ৰাজ্যত বৃদ্ধি পোৱা মানুহ–হাতী সংঘাতৰ বিষয়ে আলোকপাত আৰু সমাধানৰ উপায় বিচাৰি উলিওৱাৰ উদ্দেশ্যৰে বন বিভাগ আৰু পৰ্যটন বিভাগে মিলি আয়োজন কৰে এই গজ উৎসৱ।

ইতিমধ্যে এই উৎসৱ উপলক্ষ্যে শ শ ঘৰচীয়া হাতীক মূৰৰ পৰা ভৰিলৈকে সজাই তোলা হৈছে। এই গজ উৎসৱত হাতীয়ে পেৰেড, দৌৰ, ফুটবল আৰু নৃত্যৰ দৰে বহুতো অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে।

আনহাতে, ৮ এপ্ৰিলৰ দুপৰীয়া তেখেত পুনৰ উভতি যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply