নিউজ ডেস্কঃ কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? এই প্ৰশ্নটিৰ উত্তৰ আজি সমগ্ৰ দেশবাসীয়ে লাভ কৰিব। দেশৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত আছে এনডিএৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ আৰু ইউপিএ প্ৰাৰ্থী যশৱন্ত সিং।
ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ জয়ী হোৱাৰ সম্ভাৱনাই অধিক। আৰু যদি মুৰ্মূ জয়ী হয় তেন্তে তেঁৱে হ’ব দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি।
উল্লেখ্য যে, ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আৰু আজি পুৱা ১১ বজাৰ পৰা ভোটগণনা আৰম্ভ হয়। সংসদৰ ৬৩ নং কোঠাত বৰ্তমান ভোটগণনা পৰ্ব চলি আছে।
তদুপৰি, ভোটগণনাৰ ক্ষেত্ৰত যাতে কোনো অনিয়ম বা বেমেজালি সংঘটিত নহয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে মুখ্য নিৰ্বাচনী বিষয় তথা ৰাজ্য সভাৰ সচিব জেনেৰেল পিচি মোডীয়ে।
আজি সন্ধিয়া ফলাফল ঘোষণাৰ সম্ভাৱনা
ইফালে, আজি সন্ধিয়ালৈকে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব তাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰাৰ প্ৰয়োজন যে- বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অহা ২৪ জুলাইত শেষ হ’ব। তাৰ পিছদিনা অৰ্থাৎ ২৫ জুলাইত দেশৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰিব দায়িত্বভাৰ।
৯৯ শতাংশতকৈ অধিক ভোটদান সাব্যস্ত
ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৪৮০৯ গৰাকী ভোটাৰ বাচনি কৰা হয়। ইযাৰে ৭৭৬গৰাকী সাংসদ আৰু বাকী ৪০৩৩ গৰাকী বিধায়ক। আৰু ২৪ জুলাইত অনুষ্ঠিত ভোটদান পৰ্বত ৯৯ শতাংশতকৈ অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।
নিৰ্বাচনৰ ফলাফলৰ পাছত বিজেপিৰ অভিনন্দন যাত্ৰা
ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ জে পি নড্ডাৰ নেতৃত্বত দলটোৰ নেতাসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত এক বিশেল অভিনন্দন যাত্ৰাৰ আয়োজন কৰিছে। এই যাত্ৰাত অংশগ্ৰহণ কৰিব বিজেপিৰ হাজাৰ হাজাৰ নেতা-কৰ্মীয়ে।