দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ২৫ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব । এই ভ্ৰমন কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ আগমনক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।
আজি প্ৰস্তুতিৰ বুজ ল’বলৈ বোকাখাতত উপস্থিত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। দুয়োগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত হৈ সমগ্ৰ পৰিৱেশ তথা প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰে। ইয়াৰ পিছতেই দুয়োজন কাজিৰঙালৈ গৈ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে উদ্যানখনৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰে ।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ তিনিদিনীয়া অসম ভ্ৰমণসূচীৰ অহা ২৬ ফেব্ৰুৱাৰীত কলিয়াবৰ মহকুমাৰ এলেকাধীন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত জীপ ছাফাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ প্ৰস্তুতিৰ বাগৰি ৰেঞ্জত উপস্থিত হৈ বুজ ললে মন্ত্ৰী কেশৱ মহন্তই।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, ডিএফঅ’ ৰমেশ গগৈ, কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস আৰু মহকুমা আৰক্ষী বিষয়াৰ লগতে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তাই আয়োজন সম্পৰ্কে জনাই মন্ত্ৰী গৰাকীক। জীপ ছাফাৰীৰ পথছোৱাৰ শেহতীয়া অৱস্থা পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক- অসম ক্ৰিকেটৰ মেচ ফিক্সিং কাণ্ডৰ শুনানী আৰম্ভ
চল্লিশ বছৰৰ পিছত কাজিৰঙাত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতি। কেৱল উপস্থিত হোৱাই নহয়, কাজিৰঙাতে নৈশ যাপন কৰিব ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজি-কাঠি উঠিছে কাজিৰঙা।