নিউজ ডেস্কঃ তামুলপুৰ জিলাৰ কচুবাৰীৰ গৌজন পথাৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৬১সংখ্যক বড়ো সাহিত্য সভাৰ আজি অন্তিম দিন। অন্তিম দিনা মুকলি সভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। সভাস্থলীত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ ৰনগৌৰা নাৰ্জাৰী। লগতে উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমছিং টামাং আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা। ৰাষ্ট্ৰপতিৰ আগমণৰ বাবে আজি বিটিচিৰ সকলো চৰকাৰী অনুষ্ঠান বন্ধ দিয়া হৈছে।

বড়ো সাহিত্য সভাক ৫ কোটি টকা অনুদান আগবঢ়োৱাৰ লগতে প্ৰতিখন জিলাতে বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰিব ৫০ লাখকৈ টকা। ইফালে একাদশ আৰু দ্বাদশ শ্ৰেণী পৰ্যন্ত বড়ো মাধ্যম সম্প্ৰসাৰিত কৰাৰ লগতে স্নাতক আৰুো স্নাতকোত্তৰ পৰ্যায়তো বড়ো ভাষা অন্তৰ্ভুক্ত কৰাৰ কথাও ঘোষণা কৰে।

বড়ো সাহিত্য সভাৰ পৰা পোনে পোনে বিয়লি কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে।গুৱাহাটীত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বিতীয়টো দিন। আজি নিশা গুৱাহাটীতে কটাই কাইলৈ নতুন দিল্লীলৈ উভতিব ৰাষ্ট্ৰপতিগৰাকী।

লগতে পঢ়কঃআজিৰে পৰা তামুলপুৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply