গুৱাহাটী : গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰত আদৰণি জনায় দেশৰ ৰাষ্ট্ৰপতিক গৰাকীক।

১১.৩০ বজাত ৰাষ্ট্ৰপতি গৰাকী উপস্থিত হয় বিমান বন্দৰত। বিমান বন্দৰৰ পৰা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ পোনে পোনে যাব শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ। ১২.১০ বজাত শক্তিপীঠত ৰাষ্ট্ৰপতিয়ে মা কামাখ্যা দৰ্শন কৰি দেৱীৰ আশীষ লব। সন্দিয়া ৫.১০ বজাত ৰাষ্ট্ৰপতিয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ’ব।

কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শনিবাৰে ৰাষ্ট্ৰপতিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিয়ালিৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব।

লগতে পঢ়ক- কলগাছিয়াৰ কাউৰজাহীত খৰালিতো অব্যাহত বেকী নৈৰ গৰাখহনীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply