নিউজ ডেস্ক: অহা ২৫ ফেব্ৰুৱাৰীত এক তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি ৰামনাথ ক’ভিন্দ। ৰাষ্ট্ৰপতি গৰাকীয়ে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে অসম চৰকাৰে আয়োজন কৰিবলগীয়া বছৰজোৰা উদযাপনৰ উদ্ধোধন কৰিব।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি ক’ভিন্দৰ অসম ভ্ৰমণৰ কথা জানিবলৈ দি কয় যে ক’ভিন্দে যোৰহাটৰ টীয়কত থকা লাচিত বৰফুনৰ মৈদামৰ সৌন্দৰ্য্যকৰণ তথা মেৰামতিৰ কামৰ আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ উপৰি কামৰূপৰ দদৰাত আলবৈ ৰণৰ স্মৃতিত এখন স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ২৬ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তন ভাগ লৈ আৱেলি কাজিৰঙাত জীপ চাফাৰি কৰি অসমৰ চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন পদক্ষেপসমূহৰ অগ্ৰগতিৰ বুজ ল’ব বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

২৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ক’ভিন্দ নতুন দিল্লীলৈ উভতি যাব।

লগতে পঢ়ক – ৰাছিয়া-ইউক্ৰেইন সংকট: দেশলৈ উভতিছে ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ পৰিয়ালবৰ্গ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply