স্বপন নাথ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰপ্ৰধান ৰাম নাথ কবিন্দ পৰিয়ালৰ সৈতে কাজিৰঙাত উপস্থিত হব । কাজিৰঙাত ৰাত্ৰি যাপন কৰি বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু এলিফেন্ট ছাফাৰী কৰিব ।
যাৰ কাৰণে অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত আন পৰ্যটকৰ কাৰণে উদ্যান কৰ্ত্তৃপক্ষই বন্ধ ঘোষণা কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়াই এক নিৰ্দেশ যোগে জানিবলৈ দিয়া মতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দে অহা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী আৰু পিছদিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত কহঁৰা বনাঞ্চলৰ মিহিমুখত এলিফেন্ট ছাফাৰী কৰিব ।
ৰাষ্ট্ৰপ্ৰধানজনৰ নিৰাপত্তা তথা উদ্যান ভ্ৰমণত বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ ৰাখি ২৬ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা পিছদিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰ আগবেলা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত আন পৰ্যটকৰ কাৰণে জীপ আৰু এলিফেন্ট ছাফাৰী দুয়োটাই বন্ধ থাকিব ।
অন্যহাতে বন সংমন্ডল বিষয়াজনে আৰু জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল পূৰ্বৰ দৰেই পৰ্যটকৰ বাবে খোলা থাকিব । পৰ্যটকে কহঁৰা আৰু বাগৰি বনাঞ্চলৰ বাদে বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল দৰ্শন কৰিব পাৰিব ।
পৰ্যটকৰ সৈতে জড়িত সকলো প্ৰতিষ্ঠান , ব্যৱসায়ী ,ব্যক্তি আদিক এই ক্ষেত্ৰত সহায়- সহযোগ আগবঢ়াবলৈ উদ্যান কৰ্ত্তৃপক্ষই আহ্বান জনাইছে ।
লগতে পঢ়ক- ছচিয়েল মিডিয়াত চৰ্চিত টাঞ্জেনিয়াৰ কিলি প’লক ভাৰতীয় উচ্চায়ুক্তৰ সম্বৰ্ধনা