আৰক্ষী বাহিনীত আগবঢ়োৱা সেৱাৰ বাবে ৭২ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে বিভূষিত কৰা হ’ব ADGP হীৰেন চন্দ্ৰ নাথক।
ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতিত হীৰেন নাথৰ লগতে অসম আৰক্ষীৰ অন্য ১৩গৰাকী আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হব আৰক্ষী পদকেৰে। সেইসকলৰ ভিতৰত আছে , কমাণ্ডেণ্ট হৰেণ টকবী, পৰিদৰ্শক উমেশ উদ্দিন, উপপৰিদৰ্শক, নুৰুল ইছলাম, উপপৰিদৰ্শক অচ্যুৎ দত্ত, হাবিলদাৰ সুনীল মিলি, কনিষ্টবল মুজাম্মিল হক, কনিষ্টবল ৰঞ্জুমণি শইকীয়া, কনিষ্টবল বিপুল বৰা, কনিষ্টবল হীৰেণ হাজৰিকা, কনিষ্টবল বুলেন গোহাঁই, কনিষ্টবল আলোক পাল, কনিষ্টবল জগত তামাঙ, পৰিদৰ্শক জয়দ্বীপ শৰ্মালৈও আগবঢ়োৱা হৈছে পুলিচ মেডেল সন্মান।
এইবেলি অসমৰ ১৩গৰাকী, দিল্লীৰ ১৭গৰাকী, নাগালেণ্ডৰ এগৰাকী, মেঘালয়ৰ এগৰাকী, মিজোৰামৰ ৩গৰাকী, মণিপুৰৰ ৪গৰাকী, গুজৰাটৰ ১৭গৰাকী আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হব ৰাষ্ট্ৰপতি পদক। গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৯৩৯জন আৰক্ষী বিষয়ালৈ আগবঢ়াইছে বিশেষ সন্মান।
লগতে পঢ়ক- চাৰিলেন যুক্ত পথ নিৰ্মাণত দুৰ্নীতিৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ