গুৱাহাটী : ৰাজপথত দুৰ্ঘটনা কৰি শিৰোনাম দখল কৰা ৰাজকণ্যা বৰুৱা আৰু ৰাজকণ্যাক চিকিৎসাধীন কৰোৱা ডাঃ নভনীল বৰুৱাৰ প্ৰসংগত এইবাৰ সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ৷ জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ মতে, ঘটনাটোত আৰক্ষীয়ে অভিযুক্ত কৰা ডাঃ নভনীল বৰুৱাই ভুল কৰিছে নে শুদ্ধ কৰিছে সেয়া আদালতে বিচাৰ কৰিব৷ কিন্তু বিষয়টোক লৈ বিশেষ বিতৰ্ক হ’বলৈ দি চৰকাৰে মূল্যবৃদ্ধিৰ দৰে গুৰুতৰ বিষয়ৰ পৰা ৰাইজ আৰু সংবাদ মাধ্যমৰ দৃষ্টি আঁতৰাই ৰাখিব বিচাৰিছে৷ যদি বিষয়টোত অধিক গুৰুত্ব দিবই লাগে, তেনেহ’লে হোটেল তাজ ভিভান্তাত শেষ নিশালৈকে নৈশ পাৰ্টী আয়োজনেৰে আইন ভংগ কৰা আৰু তাত উপস্থিত থকা লোকসকলক আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিব লাগিছিল৷ কিন্তু তাকে নকৰি আৰক্ষীয়ে অকল ডাঃ নভনীল বৰুৱাকে দুদিনজোৰা জেৰা আৰু গ্ৰেপ্তাৰৰ নৃত্যনাটিকা কৰাৰ জৰিয়তে আচলতে বিজেপিবিৰোধী কণ্ঠ ৰুদ্ধ কৰাৰ শাসক দলৰ ষড়যন্ত্ৰকে বাস্তবায়ন কৰা নাইনে?

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “আৰক্ষীয়ে জামিনত মুকলি কৰি দিয়াৰ পিছতহে ৰাজকণ্যা বৰুৱাক ডাঃ নভনীল বৰুৱাই জি এন আৰ ছি হাস্পতালৰ চেমি-আই চি ইউত ভৰ্তি কৰিছিল৷ ডাঃ বৰুৱাৰ সেই কাৰ্য অনৈতিক হ’ব পাৰে, কিন্তু অপৰাধ নিশ্চয় নহয়৷ তথাপি আৰক্ষীয়ে যিহেতু তেখেতক তদন্তৰ আওতালৈ আনিছে, তাত কবলগীয়া নাই৷ আইনে নিজেই তাৰ পথ লব৷ কিন্তু ২ অক্টবৰৰ ড্ৰাই ডে’লৈকে নৈশ পাৰ্টী আয়োজন কৰি এফালে কোভিড প্ৰটোকল আৰু আনফালে ড্ৰাই ডে’ বিধি উলংঘা কৰা বুলি অভিযোগ উঠা পংকজ সাধনিদাৰ নামৰ দিছপুৰৰ ঘনিষ্ট ঠিকাদাৰজন, সেই নৈশ পাৰ্টীত উপস্থিত থকা বুলি খবৰ ওলোৱা মহানগৰ আৰক্ষীৰ শীৰ্ষ প্ৰর্যায়ৰ বিষয়া, উচ্চ পদস্থ চৰকাৰী আমোলা, জনপ্ৰতিনিধি, মুখ্যমন্ত্ৰীৰ আদি হাই প্ৰ’ফাইল ব্যক্তিবৰ্গক আৰক্ষীয়ে এতিয়ালৈকে তদন্তৰ আইতালৈ অনা নাই কিয়? আনহাতে, কোভিড প্ৰটোকল আৰু ড্ৰাই ডে’ বিধি ভংগৰে নৈশ পাৰ্টীৰ আয়োজনৰ সুবিধা দিয়া হোটেল তাজ ভিভান্তা কৰ্তৃপক্ষকো তদন্তৰ আওতালৈ অনা হৈছে নে নাই?”

লগতে পঢ়ক-চৰাইদেউৰ আন্তঃৰাজ্যিক সীমান্তত ১৪৪ ধাৰা জাৰি

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষীৰ দ্বাৰা ভুল হোৱা বুলি কোৱা প্ৰসংগলৈ আঙুলিয়াই গগৈ আৰু ভূঞাই প্ৰশ্ন কয় যে সেই ভুল কি কাৰণত হ’বলৈ পালে; কাৰোবাৰ নিৰ্দেশত হ’ল নেকি; যদি কাৰোবাৰ নিৰ্দেশত হৈছে তেনেহ’লে কাৰ নিৰ্দেশত হৈছে আৰু উক্ত নিৰ্দেশ দিয়া ব্যক্তিকো আইনৰ সন্মুখত থিয় কৰোৱা উচিত আছিল৷ কিন্তু তাকে নকৰি আৰক্ষীয়ে অকল ডাঃ নভনীল বৰুৱাক দুদিনজোৰা জেৰা আৰু তাৰ পিছত গ্ৰেপ্তাৰ তথা মুক্তি দি প্ৰকৃততে বিজেপি আৰু ইয়াৰ চৰকাৰক সমালোচনা কৰা ব্যক্তিসকলক টাৰ্গেট কৰা যেন লাগে৷ কাৰণ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পেট্ৰলৰ দাম বঢ়াৰ বাবে ৰাইজক খোজকাঢ়ি চলিবলৈ কৈ দুৰ্দশাগ্ৰস্ত জনগণক ভেঙুচালি কৰা আৰু বাইকত তিনিজন উঠিবলৈ কৈ ট্ৰাফিক আইন ভংগ কৰিবলৈ উচটনি দিয়াৰ পিছতো আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ আৰক্ষীৰ এই ভূমিকা খেনোক দেখি ৰন্ধা বঢ়া খেনোক দেখি দুৱাৰ ডাং মৰাৰ লেখিয়া কথা হৈছে৷

লগতে পঢ়ক-ৰাজস্থানত বিক্ৰী কৰিবলৈ নিয়া লখিমপুৰৰ দুজনী যুৱতীক উদ্ধাৰ

আনহাতে, ১ অক্টোবৰৰ নিশা ৰাজকণ্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা যোছেফ মাৰাকক ৫০ লাখ টকা আৰু ঘুনীয়া হোৱা বাকীকেইজনক ২০ লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাই জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে অন্য টুলুঙা বিষয়ত গুৰুত্ব দিবলৈ চৰকাৰে সময় পায়; অথচ চৰকাৰী কাম কৰিবলৈ আহি ঘুণীয়া হোৱা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি থকা দুখীয়া শ্ৰমিককেইজনৰ খবৰ লবলৈ চৰকাৰ পক্ষৰ আহৰি নাই৷ ইয়াতেই দুখীয়া মানুহৰ প্ৰতি চৰকাৰখনৰ দৃষ্টিভংগী প্ৰকাশ পায়৷ তদুপৰি যিগৰাকী ঠিকাদাৰে উক্ত শ্ৰমিকসকলক কামত নিয়োগ কৰিছিল, উক্ত ঠিকাদাৰজনে শ্ৰমিকসকলৰ নিৰাপত্তা ব্যৱস্থাৰ নীতি মানি চলিছিল নে নাই, সেইটোও তদন্তৰ আওতালৈ আনিব লাগে বুলি নেতাদ্বয়ে মত প্ৰকাশ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply