বিজেপি চৰকাৰৰ সৈতে মিত্ৰতাত থকাৰ পিছতো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তিনি ৰাভা জাতীয় সংগঠনে চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিলে আন্দোলনৰ কাৰ্যসূচী। চৰকাৰখনে দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ অমীমাংসিত সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি ৰূপায়ণ নকৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৰাভা সংগঠনৰ নেতৃত্বই।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালৰ পাঁচটা বছৰ আৰু চলিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলতঃ ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, ৰাভা হাছং মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি ৰাভা হাছংবাসীৰ দীৰ্ঘদিনীয়া দাবী “ষষ্ঠ অনুসূচী” প্ৰদান কৰাক লৈ চৰকাৰ খনে কেৱল প্ৰতিশ্ৰুতিহে দিলে,সেই প্ৰতিশ্ৰুতিসমূহ সমাধানৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে যাৰ বাবে তিনি সংগঠনে অহা ২ এপ্ৰিলৰ পৰা ২৬ মে’লৈকে প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।

এই আন্দোলনৰ পিছতো যদি বিজেপি চৰকাৰখনে দাবী বা সমস্যাসমূহ সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত সময়ত চৰকাৰী কাৰ্যালয়ৰ সমুখত ধৰ্ণা, জিলা বন্ধ আৰু অৰ্থনৈতিক পথ অৱৰোধৰ দৰে জংগী আন্দোলন নামি পৰিব বুলিও কয়।।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply