মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লেখাপানী সংৰক্ষিত বনাঞ্চলত আৰু শালিকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত ব্যাপকভাৱে অৰুণাচলৰ প্ৰদেশৰ ১নং ফিনবিৰোৰ ৰাইজে আগ্ৰাসন কৰিছে। লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বমগৰা নামৰ ঠাইত অৰুণাচলী লোকে টঙী ঘৰ আৰু বাঁহৰ গেট সাজি সীমা নিৰ্ধাৰণৰ বাবে উঠি পৰি লাগিছে।

উল্লেখ্য যে ২০১৯ চনত ক‘ৰণা মহামাৰীৰ ভৰ-পক সময় চোৱাৰ মাজতে চেগ বুজি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা প্ৰশাসনে অসমৰ বমগাৰা নামৰ ঠাই খণ্ডক অৰুণাচলৰ ভূখণ্ড বুলি দাবী কৰি সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে বেদখল কৰি এখন ফলক লগাইছিল। লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লেখাপানী সংৰক্ষিত বনাঞ্চল আৰু শালেকী প্ৰস্তাৱিত বনাঞ্চলৰ মাজেৰে আহি কেইবা শ হেক্টৰ বন ভূমি বেদখল কৰি অৰুণাচলৰ বুলি দাবী কৰি উক্ত ঠাই খণ্ডত অৰুণাচলীয়ে নাম অৰুণাচলৰ ফলক লগাইছিল।

পৰৱৰ্তী পৰ্যায়ত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত অৰুণাচলীয়ে বমগাৰাত লগোৱা সেই নাম ফলক তাৰ পৰা আঁতৰাই দিছিল যদিও পুনৰ একাংশ অৰুনাচলী লোক আহি বমগৰাৰ সেই একে স্থানতে পুনৰ বাঁহেৰে এখন গেট আৰু এটা টঙী ঘৰ সাজি অসমৰ ভূখণ্ডক অৰুণাচল প্ৰদেশত অন্তৰ্ভূক্ত কৰাৰ চেষ্টা কৰিছে।

পুনৰ লেখাপানী আঞ্চলিক বন বিষয়াৰ কৰ্মচাৰীসকলে উক্ত চেকগেটখন উঠাবলৈ যাওঁতে কেইদিনমান পূৰ্বে উত্তপ্ত পৰিবেশ সৃষ্টি হয়। কেৱল বমগৰাতেই নহয়, অৰুণাচলৰ লোকসকলে অসমৰ সঞ্জুৱাৰা নামৰ গাঁওখন দখল কৰি নাম সলনি কৰি টিৰাপ চাকান গাঁও নামেৰে নামাকৰণ কৰিছে আৰু গাঁওখনৰ ওচৰৰ লেখাপানী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছে।

তদুপৰি জাগুন-জয়ৰামপুৰ সীমান্তত জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ দহ মাইলটো বহুতো অৰুণাচলীয়ে অসমৰ ভূমি দখল কৰি ইতিমধ্যে ঘৰ সাজিছে। ঠিক সেইদৰে মাৰ্ঘেৰিটাৰ নামটক, নামদাং অঞ্চলটো অৰুণাচলী লোক আৰু অৰুণাচলৰ প্ৰশাসনে সীমা আগুৱাই আনিবলৈ কোজ কাবাজ অব্যাহত ৰাখিছে। তিনিচুকীয়া জিলাত অৰুণাচল প্ৰদেশে আগ্ৰাসন চলোৱা অঞ্চলসমূহ কয়লা, শিল-বালি আৰু মূল্যবান গছৰে পৰিপূৰ্ণ। সেইবাবেই হয়তো অৰুণাচলী লোকে এইদৰে ব্যাপক আগ্ৰাসন চলাইছে।

অৰুণাচলৰ এনে আগ্ৰাসনৰ বাবেই অসম আৰু অৰুণাচলৰ মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে। গতিকে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসম – অৰুণাচল প্ৰদেশৰ এই সীমা বিবাদ আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি জাগুনত এখন সংবাদমেল সন্মোধন কৰি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয়ে নেতা পাপু দত্তই সংবাদমাধ্যমৰ আগত কয় যে আৰু অসমৰ এক ইঞ্চি ভূমিও যাতে অৰুণাচল প্ৰদেশক এৰি দিবলগীয়া নহয় তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

আজিৰ সংবাদমেলত উপস্থিত থাকে টিৰাপ জাগুন আঞ্চলিকৰ সভাপতি বাৰীক খান আৰু কাৰ্যকৰী সভাপতি ধৰ্ম ৰাজ শৰ্মা। সংবাদমেলৰ অন্তত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল প্ৰদেশৰ উপৰোক্ত সীমা সমস্যা তৎকালে সমাধানৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তিয়ে। অন্যহাতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা ছাত্ৰ মুক্তিয়ে আন্দোলনৰ কাৰ্য্যসূচীও ঘোষণা কৰিছে বুলি সংগঠনটোৱে সংবাদমাধ্যমৰ জৰিয়তে জনিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply