মাৰ্ঘেৰিটা: অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতহাৰত মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে।
উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখৰ শ্বহীদ বেদিৰ সমিপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিন্টু গগৈয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰখনৰ ব্যৰ্থতাৰ বাবেই পেট্ৰল’জাত সামগ্ৰী, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য দ্ৰুত হাৰত বৃদ্ধি পোৱা বুলি উল্লেখ কৰি অসমৰ সাধাৰণ জনতাৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলিও উল্লেখ কৰে।
চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কৰ বণিক গোষ্ঠীক নাকী লগাবৰ নোৱাৰাৰ বাবেই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জনসাধাৰণক কোঙা কৰি পেলোৱা বুলি দোষাৰোপ কৰে।
অন্যহাতে চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কৰ বিভিন্ন অচিলাৰে ব্যাপক হাৰত কমিছন আদায় কৰাৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক ৰূপত মূল্য বৃদ্ধি হোৱা বুলি অভিযোগ তুলিছে সংগঠনৰ নেতৃবৃন্দই। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ আজিৰ প্ৰতিবাদত অৰ্ধশতাধিক আছুৰ সদস্যই প্ৰতিবাদত অংশগ্ৰহণ কৰি পৰিবেশ উত্তাল কৰি তুলে।