বজাৰত অত্যাবশ্যকীয় সামগ্ৰীৰ জুই চাই দামে সাধাৰণ জনতাক একপ্ৰকাৰ দিশাহাৰা কৰি তুলিছে। ইয়াৰ বিপৰীতে মূল্যবৃদ্ধিক লৈ শাসকীয় দলৰ নেতাই বিভিন্ন সময়ত তুলুঙা মন্তব্য দি অহাৰ বিপৰীতে মূল্যবৃদ্ধি সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া।
“পেট্ৰ’ল–ডিজেলৰ মূল্য মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰি আছে । ভাৰত চৰকাৰৰ সৈতে মিলিহে সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে অকলশৰীয়াকৈ লোৱা সিদ্ধান্তই জনসাধাৰণক সকাহ নিদিব।’’- আজি অনুষ্ঠিত বিজেপিৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ইন্ধনজাত সামগ্ৰীকে ধৰি নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত ৰাজ্যবাসীয়ে ত্রাসি মধুসূদন সুঁৱৰিব লগা হৈছে।দৈনিক বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য।ৰাজ্যবাসীৰ বাবে এই আকাশলংঘী মূল্যবৃদ্ধি অসহনীয় হৈ পৰিছে।