অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জ্বলাকলা খুৱাইছে

গুৱাহাটী: অসমত নির্বাচনী ধামখুমীয়াৰ মাজতে বজাৰত জ্বলিছে মূল্যবৃদ্ধিৰ জুই৷ ৰাজ্যত তিনিটা পর্যায়ত অন্ত পৰা নির্বাচনী যুঁজখনৰ মাজতে সন্তর্পণে বৃদ্ধি কৰা হৈছে দাইল, মিঠাতেল, ৰিফাইন তেল, বুট, মাংস আদিৰ দাম৷
যোৱা এমাহৰ ভিতৰতে ৰাজ্যৰ প্রতিখন বজাৰত এইকেইবিধ সামগ্রীৰ মূল্য বৃদ্ধি হৈছে৷ ইয়াৰ ভিতৰত বিভিন্ন ব্রেণ্ডৰ মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্য ৩০ শতাংশ পর্যন্ত বৃদ্ধি হৈছে৷ সেইদৰে ব্রইলাৰ মাংস আৰু থলুৱা কুকুৰাৰ মাংস প্ৰতিকেজিত ১০০ টকাৰ পৰা ১৪০ টকালৈ বৃদ্ধি কৰা হৈছে৷ তদুপৰি ছাগলীৰ মাংসত প্ৰতিকেজিত ৫০ টকাকৈ বৃদ্ধি হৈছে৷
খুচুৰা ব্যৱসায়ীকেইজনে জনোৱা মতে এমাহৰ ভিতৰত বিভিন্ন ব্রেণ্ডৰ মিঠাতেল আৰু ৰিফাইন তেলৰ দাম ৩০ শতাংশ পর্যন্ত বৃদ্ধি হৈছে৷বৰ্তমানৰ চৰকাৰৰ আটাইটকৈ অকামিলা যোগান মন্ত্ৰীজনৰ বিভাগটোৰ বিষয়াসকলকো ৰাইজে এতিয়া দেখা নাই৷ বজাৰত জুই লগা সম্পৰ্কে তেওলোক জ্ঞাত যদিও নিৰ্বাচনৰ সুবিধা লৈ সকলো নিদিষ্ট দূৰত্বত অবস্থান লৈছে ৷ মাধমাৰ খাইছে সৰ্বসাধাৰণ জনতাই ৷ যিসকল নেতাই নিৰ্বাচনী ভাষণ ৰাইজক লৈ বিভিন্ন প্ৰতিশ্ৰুতি আছিল তেওলোকো এতিয়া মৌন , হৈ ফলাফলৰ অপেক্ষাত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply