মানকাচৰ: খাদ্য সামগ্ৰীৰ ভয়াবহ মূল্যবৃদ্ধিয়ে মাধমাৰ দিছে সাধাৰণ ৰাইজক ৷
কোৰোনা পৰিস্থিতিৰ সুযোগ লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰতিটো বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ব্যাপক হাৰত বৃদ্ধি হোৱা পৰিস্থিতিয়ে বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক ৷
প্ৰতিবিধ খাদ্য সামগ্ৰীত নিজ ইচ্ছানুসৰি অধিকাংশ খুচুৰা ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ সোধাইছে ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাদ্য আৰু যোগান বিভাগৰ নিষ্কিয়তাৰ সুযোগ গ্ৰহণ কৰি বজাৰত প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীসকলে ৷
বজাৰত এনে অনিয়ন্ত্ৰিত হাৰত মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাধাৰণ ৰাইজক ৷
লগতে পঢ়ক নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিক লৈ উদ্বেগ অসম জাতীয় পৰিষদৰ