ৰাজ্যবাসীৰ মূৰত পুনৰ চৰকাৰৰ ৰামটাঙোন।৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।কেৱল পেট্ৰ’ল–ডিজেলেই নহয় লগতে ৰন্ধন গেছৰো দাম বাঢ়িল।

সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে পেট্ৰ’ল-ডিজেলৰ দাম।গুৱাহাটীত পেট্ৰ’লৰ মূল্য বৃদ্ধি পালে ৮৮ পইচা।আনহাতে ডিজেলত বৃদ্ধি পালে ৬৯ পইচা। প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে ৫০টকাকৈ।ইয়াৰ পূৰ্বে ২০২১ চনৰ ৬ অক্টোবৰত বৃদ্ধি হৈছিল মূল্য।

আনহাতে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব লগা বিদ্যুত মাচুল প্ৰতি ইউনিটত ৫৯পইচা কৈ বৃদ্ধিয়ে সাধাৰণ ৰাইজক আহিব লগা দিন সমূহত বাৰুকৈয়ে চিন্তাত পেলাব। ক’ভিড পৰিস্থিতিয়ে জৰুলা কৰা জনসাধাৰনৰ ওপৰত এইদৰে বোজা জাপি দি জুৰুলা কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply