বিধানসভাৰ মজিয়াত আজি বিধায়ক মৃণাল শইকীয়াই মূল্যবৃদ্ধিক লৈ আগবঢ়ালে কেতবোৰ মন্তব্য। তেও ক’লে সকলো নিৰ্ভৰ কৰে উৎপাদনৰ ওপৰত ।
এটা নেমুৰ মূল্য ২০ টকা হোৱাৰ সন্দৰ্ভত কয়, “আগতে ঘৰে ঘৰে নেমু টেঙাৰ গছ আছিল৷ এতিয়া নেমু খেতি নকৰা হ’ল৷ টাবতো নেমু ৰুব পাৰি।’’নেমুৰ চাহিদা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়াটো ভাল কথা।
কিন্তু GI Tag লাভ কৰা, বিশ্বৰ বজাৰ দখল কৰা অসমৰ কাজি নেমুৰ উচিত দাম নাপাই নদীত পেলাই দিয়া কৃষকো এইখন অসমতে আছে। সেই কাৰণবোৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন অধিক।
সদনৰ বাহিৰত বিধায়ক মৃণাল শইকীয়াই ক’লে “মূল্যবৃদ্ধি হ’বই ইমান ডাঙৰ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলি আছে ক’ভিডৰ নামত দুবছৰ গ’ল।কা আন্দোলনে সকলো শেষ কৰিলে । দুটা বছৰৰ পিছত বিদ্যুৎ মাচুল বঢ়াইছে এইবোৰটো হ’বই।”