পেট্ৰ’লৰ মূল্য ৰাজ্যত ১০০ ৰ দেওনা অতিক্ৰম কৰাৰ পিছতো শাসকীয় বিজেপি নেতাৰ মুখত প্ৰলাপ বন্ধ হোৱা নাই । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কংগ্ৰেছ শাসনৰ সময়তো ১২০ টকাৰ পেট্ৰ’ল মগু দাইল ১৮০ টকাত কিনা বুলি দাবী কৰিছে ।
শাসকীয় দলৰ নেতাসকলৰ এনে ধৰনৰ তুলুঙা মন্তব্য দিয়াৰ বিপৰীতে ৰাজ্যৰ চৌদিশে মূল্যবৃদ্ধিয়ে জনসাধাৰনক কোঙা কৰি পেলাইছে । কেৱল পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিয়েই নহয় নিত্য ব্যবহৃত সামগ্ৰীৰো দাম হোৰাহোৰে বাঢ়িছে । পিয়াজৰ দাম প্ৰতি কিলোত ৬০ ৰ পৰা ৭০ টকা, আলু ২৫ ৰ পৰা ৩০ টকা, মচুৰ দাইল ১১৫ ৰ পৰা ১২৫ টকা, মগু দাইল ১০০ ৰ পৰা ১১৫ টকা, মিঠাতেল ২৪০ টকাৰ সীমা অতিক্ৰম কৰিছে । শাক পাছলিৰ দাম নূন্যতম ৪০ টকাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যৰ কোনো এখন বজাৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই, সকলো বজাৰতেই পৃথক পৃথক দাম , যাৰ ফলত সৰ্বসাধাৰন জনতা আজি বিপদত পৰিছে ।
পেট্ৰ’ল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ বাবে যাত্ৰীবাহী বাছ সমূহে নিজ ইচ্ছাৰে ভাড়া বৃদ্ধি কৰিছে । পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দাম বৃদ্ধি কৰা নাই বুলি মন্তব্য কৰিছে যদিও বাছ সমূহে নিজ খেয়াল খুছিৰে জনতাৰ পৰা ভাড়া সংগ্ৰহ কৰিছে ।
ৰাইজে মূল্যবৃদ্ধিৰ ফলত হাৰাশাস্তিৰ সন্মুখীণ হোৱাৰ বিপৰীতে বিজেপিৰ সভাপতি ভবেশ কলিতাই পেট্ৰ’লৰ দাম ২০০ হ’লে বাইকত তিনিজন উঠিব পৰা আইন অনাৰ দৰে তুলুঙা কথা কৈ আহিছে । নিয়ন্ত্ৰণহীন বজাৰক লৈ কোনো গুৰুত্ব নাই যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ । মন্ত্ৰী গৰাকীয়ে কোনো কথাই গুৰুত্বসহকাৰে নোলোৱাৰ ফলতেই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলো সমানেই ওভতগোৰে নাচিবলৈ লৈছে । মূল্যবৃদ্ধিক লৈ ৰাজপথত আন্দোলন চলিছে যদিও তাক লৈ কোনো গুৰুত্ব নাই চৰকাৰ প্ৰশাসনৰ ।
লগতে পঢ়ক- লখিমপুৰত মুক্তিযোদ্ধা চক্ৰ ভূঞাৰ দেহাৱসান