পেট্ৰল-জিজেলৰ মূল্যৰ লগতে ৰাজ্যত হুৰাহুৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । পিছে এই মূল্যবৃদ্ধি ৰোধ কৰাতহে ব্যৰ্থ হৈছে চৰকাৰখন । যাৰ ফলত ৰাজ্যজুৰি চলিছে দল-সংগঠনৰ প্ৰতিবাদ । মৰাণত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে মূল্যবৃদ্ধি হোৱাৰ কথা নিজেই স্বীকাৰ কৰিছে । মন্ত্ৰীজনে সাংবাদিকৰ আগত কয় যে হয়, মূল্য বৃদ্ধি হৈছে ।

পেট্ৰল-ডিজেলৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে । তাত অসম চৰকাৰৰ হাত নাই । কিন্তু ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি বিষয়টোহে ডাঙৰ কথা । এই কথা অসম চৰকাৰেও চিন্তা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে দৰিদ্ৰ লোক সকলক ৩০-৩৫ টকীয়া চাউল বিনামূল্যে দিয়া হৈছে ।

ঠিক তেনেকৈ তেল, দাইল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিলাকো সুলভ মূল্যত দিব পাৰি নেকি তেনে ধৰণৰ চিন্তা চৰকাৰ খনে কৰিছে । লগতে কিছুমান সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰতো চৰকাৰখনে গুৰুত্ব দিয়া কথা মন্ত্ৰীজনে উল্লেখ কৰে ।

চৰাইদেউ জিলাৰ বৰহাটতো আছুৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কায্যসূচী পালন কৰে। বৰহাট আঞ্চলিক ছাত্ৰ-সন্থাই খাদ্য-সামগ্ৰী,ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহাৰ্য সামগ্ৰীৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল-গানেৰে আকাশ বতাহ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply