দেশত দিনক দিনে বৃদ্ধি পাইছে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য । ইয়াৰ লগতে ৰাজ্যত অভাৱনীয়ভাৱে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক।

ইয়াৰ প্ৰতিবাদত আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছে। প্ৰতিবাদ স্থলীত মূল্য বৃদ্ধি হ্ৰাস কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।


খাদ্য সামগ্ৰী,ঔষধ,ইন্ধনজাত সামগ্ৰী,নিৰ্মান সামগ্ৰীকে আৰম্ভ কৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধি, জীৱনদায়িনী ঔষধৰ অত্যধিক দামবৃদ্ধি আদিৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply