মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: আজি ছাত্র মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আৰু টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটাত ব্লক তিনিআলিস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সমগ্ৰ দেশৰ লগতে ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী,পেট্ৰলজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধিন কেন্দ্ৰীয় চৰকাৰ খনৰ বিৰুদ্ধ এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদস্থলীত প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কাৰ্যসূচীৰে প্ৰতিবাদ ৰূপায়ণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাই যে অনতিপ্ৰলমে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক অন্যথা ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।