অত্যাৱশ্যকীয় সা-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলা কংগ্ৰেছ সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে।পেট্ৰল,ডিজেল আদিকে ধৰি প্ৰতিবিধ সামগ্ৰী আৰু সেৱাৰ মূল্য অভাৱনীয় ভাবে বৃদ্ধি হোৱাৰ ফলস্বৰূপে সৰ্বসাধাৰণ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে।

শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি দলটোৱে ৰাইজক সকাহ দিয়াৰ উদেশ্য চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া “অচ্ছে দিন” ৰ বাবে বজাৰত দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰাৰ দাবী কৰে।অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে শাসকীয় চৰকাৰে দুখীয়া ৰাইজৰ মূৰত মাধমাৰ শোধাইছে বুলি দলটোৱে অভিযোগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply