শিৱসাগৰ: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই আজি শিৱসাগৰ নগৰত মূল্যবৃদ্ধৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে।

পেট্ৰ’ল – ডিজেল সহ প্ৰায় বিলাক সামগ্ৰীৰে মূল্য অত্যাধিক বৃদ্ধি হোৱাত শিৱসাগৰ দৌলমুখ চাৰি আলিত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সমিতিয়ে।

সাধাৰন জনতা মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত চৰকাৰে টেস্কফ্ৰী কাশ্মীৰ ফাইলচ চাবলৈ কৈছে।

সংগঠনটোৱে বিৰোধী বিধায়কসকলক বিধান সভাত মূল্যবৃদ্ধিৰ বাবে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ দাবী

কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ শতাধিক সদস্য তথা বিষয়ববীয়াই মূল্য বৃদ্ধি ৰোধ কৰক, জনতাক শোষণ কৰা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি উত্তাল কৰে পৰিৱেশ।

আনহাতে আছুৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিয়ে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply