ডিব্ৰুগড়: অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ নামিল আছু কৰ্মী।


প্ৰতিবাদীসকলে জ্বলালে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা। জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহে ডিব্ৰুগড়ৰ ৰাজপথত দাহ কৰে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চাবুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাই চাবুৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷


আনহাতে প্ৰতিবাদকাৰীসকলে খোৱাং চাৰিআলিত, টিংখাঙত, ৰাজগড়ত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে, আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে নিজ নিজ আঞ্চলিকত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply