গুৱাহাটী : সদৌ অসম চৰকাৰীভাৱে নিযুক্তি প্ৰাপ্ত (দৰমহা নোপোৱা) প্ৰাথমিক শিক্ষক সন্থাই এক সংবাদমেল যোগে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে। আগন্তক বিধানসভাৰ শীতকালীন অধিৱেশনৰ পুর্বে এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ অনুৰোধ।

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰা শিক্ষক সকলক দীর্ঘদিন ধৰি দৰমহা নোহোৱাকৈ শিক্ষকতা কৰি আছে। বিভিন্ন সময়ত এই সকল শিক্ষকে চৰকাৰক তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰি নিয়মীয়াকৈ দৰমহা প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছিল।

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰা মুঠ ১১,৬২০ গৰাকী শিক্ষকৰ ভিতৰত চলিত বৰ্ষৰ ৩০ জানুৱাৰী তাৰিখে ৪,৫১১ জনৰ চাকৰি নিয়মীয়াকৰণ কৰে চৰকাৰে। খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান কৰি চাকৰি নিয়মীয়াকৰণ কৰা অনুষ্ঠানত তেতিয়াৰ শিক্ষামন্ত্ৰী বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাকী থকা শিক্ষক সকলৰো চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

লগতে পঢ়ক-ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বিগত পাঁচ-ছয় মাহ ধৰি কিন্তু এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত এই শিক্ষক সকল ভাঙি পৰিছে। বছৰ বছৰ ধৰি দৰমহা নোপোৱা এই সকল শিক্ষক ক্ষোভ প্ৰকাশ কৰিছে। এই সকল শিক্ষকৰ ভিতৰত ৪-৫ বছৰ মাত্ৰ চাকৰি কাল থকা শিক্ষক সকলে চৰকাৰৰ ওচৰত চাকৰি নিয়মীয়াকৰণ কৰি দৰমহা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply