মানকাচৰ : আজি প্ৰধান মন্ত্ৰীৰ ৭১ তম জন্ম দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাচৰত বিজেপিৰ কৰ্মকৰ্তা সকলে অসম-মেঘালয় সীমান্তত থকা কামাখ্যা মন্দিৰত পূজা কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে।
উল্লেখযোগ্য যে সেৱা আৰু সমৰ্থন অভিযানৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে সত্ৰ, নামঘৰ, মন্দিৰ, প্ৰাৰ্থনা স্থলত শৰাই, পূজা আৰু নৈবদ্য অৰ্পন কৰা হয়।
লগতে পঢ়ক : যোৰহাটৰ ব্ৰহ্মপুত্ৰত অচিনাক্ত মহিলাৰ মৃতদেহ, বোকাখাতত বেগ উদ্ধাৰ, নাও দূৰ্ঘটনাৰ সৈতে সন্দেহ
মানকাচৰ কামাখ্যা মন্দিৰত মানকাচৰ মণ্ডল বিজেপিৰ সভাপতি ফজলুল কৰিমৰ নেতৃত্বত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস উপলক্ষে বিশেষ পুজাৰ আয়োজন কৰা হয়। এই পূজা অনুষ্ঠানত বিজেপিৰ অৰ্ধ শতাধিক কৰ্মী উপস্থিত থাকে।