নিউজ ডেস্ক : কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে বাৰাণসীত কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধনৰ পূৰ্বে গংগাত স্নান প্ৰধানমন্ত্ৰীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বাৰাণসীত নতুনকৈ নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰে। ৩৩৯ কোটি টকা ব্যয়ৰে নতুনকৈ নিৰ্মাণ কৰা হৈছে কাশী বিশ্বনাথ ধাম। নৱনিৰ্মিত কাশী বিশ্বনাথ ধামত জলাৰ্পন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰে।

সোমবাৰে পুৱাৰ ভাগত বাৰাণসীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰাৰ পূৰ্বে গংগা নদীৰ স্নান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গংগাত স্নান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদী ঘাট সমুহৰ উন্নয়নৰ কামৰ পৰ্যালোচনা কৰে।

লগতে পঢ়ক  :  নগাঁৱত গৰুৰ হাড় আৰু ম’হৰ শিং ভৰ্তি ট্ৰাক জব্দ

নৱনিৰ্মিত কাশী বিশ্বনাথ ধামৰ উদ্বোধনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মাণকাৰ্য্যত জড়িত থকা শ্ৰমিক সকলৰ ওপৰতো পুষ্পাঞ্জলি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰমিক সকলকৰ লগত ফটো উঠে। প্ৰধানমন্ত্ৰীৰ লগত উপস্থিত থাকে বিজেপিৰ বহু নেতা আৰু কৰ্মকাৰ সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply