শুকুৰবাৰে দিনৰ ১১ বজাত দেশৰ শিক্ষাৰ্থী সকলৰ সৈতে “পৰীক্ষা পে চৰ্চা” শীৰ্ষক অনুষ্ঠানত মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২০১৮ চনত আৰম্ভ কৰা এই অনুষ্ঠানৰ জৰিয়তে পৰীক্ষাৰ্থী সকলক মানসিক চাপ মুক্ত হৈ কেনেদৰে পৰীক্ষাৰ বাবে নিজকে সাজু কৰিব লাগে সেই সম্পৰ্কে চৰ্চা কৰি আহিছে।

এইবাৰো এই অনুষ্ঠান অনুষ্ঠিত হ’ব অহা শুকুৰবাৰে। এই অনুষ্ঠানৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলাৰ মৰাণত থকা জৱাহৰ নবোদয় বিদ্যালয়।
দেশৰ শিক্ষাৰ্থী সকলে পৰীক্ষাৰ সময়ত হোৱা বিভিন্ন সমস্যা প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “পৰীক্ষা পে চৰ্চা” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে কাইলৈ অথাৎ ১ এপ্ৰিলত দিনৰ এঘাৰ বজাত শিক্ষাৰ্থী সকলৰ সৈতে কৰিব মত বিনিময়।

দেশৰ প্ৰায় ১২ লক্ষ্যাধিক শিক্ষাৰ্থীৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ো এই অনুষ্ঠানত ভাগ ল’বৰ বাবে সাজু হৈছে। এই অনুষ্ঠানত দিল্লীৰ তালকটোৰা ইনড’ৰ ষ্টেডিয়ামত ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত পোনপটীয়াকৈ মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে।

দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হব লগীয়া এই অনুষ্ঠানটি বিভিন্ন মাধ্যমৰ মাজেদি পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি উপভোগ কৰিব পাৰিব বুলি জানিব দিয়ে জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষই। ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply