পঞ্চায়ত সচিব সাহানুৰ জামাল আজাদ

চৰকাৰে দুখীয়া দৰিদ্ৰৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে যদিও এই আঁচনি প্ৰবৰ্তনৰ নামত অনিয়ম হোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে | এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহত নামিছে পৰিছে খুদ পঞ্চায়ত সচিবে।

জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোসাইডুবী পঞ্চায়তত শেহতীয়াকৈ তেনে অভিযোগ উঠিছে | অঞ্চলটোৰ ৰাইজে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে ।
পঞ্চায়ত খনৰ সচিব সাহানুৰ জামাল আজাদে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ধন দাবী কৰাৰ অভিযোগ হিতাধিকাৰীৰ। টকা নিদিয়াৰ বাবে দিনৰ পিছত দিন ধৰি ওমলাই ৰাখিছে ৯ নম্বৰ ইউনিটৰ দৰিদ্ৰ আব্দুৰ ৰহিম নামৰ ব্যক্তিৰ জনৰ চৰকাৰী ঘৰ।
আব্দুৰ ৰহিমে জনোৱা মতে তেওক পঞ্চায়ত সচিব গৰাকীয়ে কয়,
“মোৰ লগত দেখা কৰক
দেখা নকৰিলে তোমাৰ ঘৰ ৫ বছৰেও নহব” |

ৱাৰ্ডটোৰ সদস্য গৰাকীয়েও হিতাধিকাৰীৰ তালিকা পঞ্চায়তত দাখিল কৰিছে যদিও পঞ্চায়ত সচিব জনে সেই সকল তালিকাত থকা হিতাধিকাৰীক ঘৰত অথবা বজাৰত লগ কৰি তেওলোকক ধন নিদিলে ঘৰ নাপাই বুলি কৈছে বুলি ৱাৰ্ড মেম্বাৰ গৰাকীয়ে মুকলি ভাবে অভিযোগ কৰিছে |

ইতিমধ্যে বিষয়বোৰ আৰু পঞ্চায়ত সচিব জনৰ কাৰ্যকলাপবোৰৰ বিৰুদ্ধে উৰ্ধতম কৰ্তৃপক্ষক অবগত কৰিছে যদিও আজিলৈকে কোনো সুদুত্তৰ পোৱা নাই |
এনে এচাম ব্যক্তিৰ বাবেই দিনৰ পিছত দিনধৰি দৰিদ্ৰ হিতাধীকাৰীয়ে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে।

লগতে পঢ়ক কামপুৰত চোৰাং কাঠৰ ৰমৰমীয়া ব্যবসায় কেনেকৈ চলিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply