গুৱাহাটী : গুৱাহাটী ভঙাগড়স্থিত অসম মানৱ অধিকাৰ আয়োগৰ উপঞ্জীয়কৰ এক জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। নলবাৰী জিলাৰ টিহু আৰক্ষী থানাৰ অন্তৰ্গত নিজ নিমাতিৰ মুকুন্দ ডেকা নামৰ কাৰাবন্দী এজনৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ।

নলবাৰী জিলাৰ কাৰাগাৰ কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল মুকুন্দ ডেকা নামৰ কাৰাবন্দী জনক। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই যোৱা ১ ডিচেম্বৰৰ দিনা প্ৰায় চাৰে এঘাৰ বজাত বিচাৰাধীন কাৰাবন্দীজনৰ
মৃত্যু হোৱা বুলি ঘোষণা কৰে।

লগতে পঢ়ক  : সোমবাৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন

মহকুমা দণ্ডাধীশ সুকন্যা বৰাক এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰি ১৫ দিনৰ ভিতৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে জিলাৰ অতিৰিক্ত দণ্ডাধীশে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply