উচ্চতৰ মাধ্যমিক বা একাদশ শ্রেণীৰ নামভর্তিৰ সময়ত সদায়ে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, গতিকে অভিভাৱকসকলেও সন্তানৰ আগতীয়া নামভর্তি কৰাবলৈ এতিয়াই উঠি–পৰি লাগিছে৷ এই বিষয়টো শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ৷ শিক্ষা বিভাগৰ প্রধান সচিবে তৎকালীনভাৱে বলৱৎ হোৱাকৈ নামভর্তি বন্ধ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷
এই সন্দর্ভত শুকুৰবাৰে বিভাগটোৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্রেৰণ কৰা এএছই ১৬৬/২০২১/পিটি/৪ নং পত্রখনত উল্লেখ কৰে যে ক’ভিড–১৯ মহামাৰীৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে এতিয়ালৈকে দশম শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে ছেবা আৰু অন্যান্য ব’ডৰ দশম শ্রেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱা পর্যন্ত সকলো মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্রেণীৰ নামভর্তি প্রক্রিয়া বন্ধ কৰিব লাগে৷
উল্লেখ্য ক’ভিডৰ বাবে ছেবাই বৰ্তমানেও মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আনুষ্ঠানিক ভাবে ঘোষণা কৰা নাই৷ ইয়াৰ বিপৰীতে চিবিএছচিয়ে দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰি নবম আৰু দশম শ্ৰেণীৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ফলাফল প্ৰকাশৰ বাবে অনুমতি দিছে৷ ইয়াৰ পিছতেই ব্যক্তিগত বিদ্যালয় সমূহে প্ৰভিজনেল এডমিশ্যনৰ ব্যবস্থা কৰিছে | এই এডমিশ্যনৰ নামত ২০ ৰ পৰা ৫০ হাজাৰলৈকে মাছুল লৈছে বিদ্যালয় সমূহে ৷
নামভৰ্তি কৰিলেও বিদ্যালয়খনৰ কাট অব মাৰ্ক অনুসৰিহে অধ্যয়নৰ সুযোগ পাব৷ অধ্যয়ন কৰিব নোৱাৰা সকলক মাছুল সমূহ ঘুৰাই নিদিয়া নিদিয়াৰো কোনো কোনো বিদ্যালয়ে নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ এনে সময়তে ৰাজ্য চৰকাৰে এই কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ লক্ষ্যণীয় ৷
লগতে পঢ়ক বটদ্ৰৱা থানৰ সৌন্দৰ্বৰ্ধন প্রকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে