ন্যায়ালয়ৰ ৰোষত ৰাজ্যৰ ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান

নিউজ ডেক্স: ৰাজ্যৰ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ মইমতালীত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । এই শিক্ষানুষ্ঠানবোৰ নিয়ন্ত্ৰণলৈ আনিবলৈ বহুবাৰ চৰকাৰে নীতিনিয়ম বনাইছে যদিও এই বিদ্যালয় সমূহ নাচোৰবান্ডা । কোনো কথাই কেৰেপ নকৰে এই বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ ।


শেহতীয়াকৈ ক’ভিডসৃষ্ট পৰিবেশৰ বাবে চলি থকা লকডাউন বাবে ক্ষতিগ্ৰস্থ হৈছে সৰ্বসাধাৰণ জনতা । বহুজনে কৰ্মসংস্থাপন হেৰুৱাৰ লগতে হ্ৰাস পাইছে উপাৰ্জন । যাৰ ফলত ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান সমূহৰ মাচুলৰ উচ্চ নিৰিখৰ বাবে সমস্যাৰ সন্মুখীণ হৈছে জনতা । পাঠদান বন্ধ হৈ থকাৰ পিছতো সম্পূৰ্ণ মাছুল দিবলগীয়া হোৱাৰ বাবে সমস্যাত পৰা অভিভাবক তথা ছাত্ৰ ছাত্ৰীক শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশে কিছু সকাহ পোৱাৰ সম্ভাবনা দেখা গৈছে ।

লগতে পঢ়ক যোৱা ২৪ ঘন্টাত কেৰেলাত আক্রান্ত হৈছে ২৫ হাজাৰ ১০ জন লোক

গুৱাহাটী উচ্চ ন্যায়ালয়ত ফজলুজ জামান মজুমদাৰ নামৰ এজন ব্যক্তিয়ে ৰাজহুৱা স্বাৰ্থ জনিত আবেদনৰ ভিত্তিত ন্যায়ালয়ে ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠানলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । আবেদনত ব্যক্তি গৰাকীয়ে আদালতক জনোৱা মতে, বৰ্তমান সময়ত স্কুল বাছ, পৰীক্ষাগাৰ, খেলপথাৰ, বিজুলীৰ ব্যবহাৰ হ্ৰাস পাইছে যদিও বিদ্যালয় সমূহে মাছুলৰ ৰেহাইৰ ক্ষেত্ৰত কোনোধৰনৰ ব্যবস্থা লোৱা নাই ।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা মাচুল নিয়ন্ত্ৰক সমিতিৰ শেহতীয়া বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে । বিদ্যালয় সমূহক তেওলোকৰ ব্যয় আৰু জমাপুঁজিৰ তথ্য দাখিল কৰিবলৈ কোৱা হৈছে । ইয়াৰ বাবে পৰ্টেল খোলা হব তাতেই এই তথ্য জমা দিব লাগিব । এই পৰ্টেলতে অভিভাবক সকলে নিজৰ ওজৰ আপত্তি দাখিল কৰিব পাৰিব ।

আৰ্থিক ভাবে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ তালিকা বিদ্যালয় সমূহে জমা দিব লাগিব ।বিদ্যালয়সমূহৰ ব্যয় আৰু জমা পুঁজি অনুযায়ী ছাত্ৰ ছাত্ৰীসকলৰ মাছুল ৰেহাই বিষয়টো বিবেচনা হ’ব ।

শিক্ষা বিভাগৰ প্ৰধানসচিবৰ অধ্যক্ষতাত কমিটিয়ে দিয়া পৰামৰ্শ আৰু এইসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হব । এইখিনি সময়ত কোনো শিক্ষানুষ্ঠানে ছাত্ৰ ছাত্ৰীক অনলাইন ক্লাচৰ পৰা বঞ্চিত নকৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । কমিটি খনত গুৱাহাটীৰ ব্যক্তিগত বিদ্যালয় সমুহৰ মুৰব্বীসকলৰ লগতে অভিভাবকো আছে । গোচৰটোৰ শুনানীৰ সময়ত গুৱাহাটীৰ অধিকাংশ ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠানে মাছুল ৰেহাইৰ ক্ষেত্ৰত বিৰোধীতা কৰিছিল ।

লগতে পঢ়ক কোকৰাঝাৰত উৎকোচলৈ আবকাৰী বিভাগৰ অধীক্ষক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply