অসমলৈ আজি পুনৰ আহিব প্ৰিয়ংকা গান্ধী
অসমলৈ আজি পুনৰ আহিব প্ৰিয়ংকা গান্ধী

নিউজ ডেস্কঃ অসম বিধান সভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ পুনৰ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন তিনিটা সমষ্টিত অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে আজি গোৱালপাৰাৰ কৃষ্ণাইত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে।

আৰু পঢ়কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত হিংসাত্মক ঘটনা, ইভিএম ওলাল বিজেপি প্ৰাৰ্থীৰ গাড়ীত

কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পূব গোৱালপাৰা সমষ্টিৰ মায়াবজাৰ, গোলকগঞ্জ সমষ্টিৰ শ্বেৰনগৰ আৰু সৰুক্ষেত্রী সমষ্টিৰ কয়াকুছিত নির্বাচনী প্রচাৰ চলাব ৷

উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাবাৰো অসমলৈ আহিছে প্ৰিয়ংকা।

প্রিয়ংকা গান্ধীৰ উপৰি  অসমলৈ আহিব প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা কংগ্রেছৰ শীর্ষ নেতা ছলমান খুৰশ্বিদ৷ উত্তৰ অভয়াপুৰীত চাকলা আৰু বৰপেটা সদৰৰ কৌৰপাৰাত তেওঁ নির্বাচনী সভাত অংশগ্রহণ কৰিব৷

আৰু পঢ়কঃ নিৰ্বাচনী জনসভাত প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply