গুৱাহাটী – বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিমান বন্দৰৰ পৰা পোনে পোনে কংগ্ৰেছ নেত্ৰী গৰাকী ৰাওনা হয় শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী। মা কামাখ্যাৰ আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধী।

অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। এফালে যদি বিজেপিয়ে পুনৰ শাসনৰ গাদী দখল কৰিবলৈ প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে আনফালে বিজেপিক গাদী দখলৰ পৰা আঁতৰাই ৰাখিবলৈ কংগ্ৰেছ দলেও উঠি পৰি লাগিছে।

বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেৰে পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি দলৰ কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অসম ভ্ৰমণৰ চলাই থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিজেপিৰ তুলনাত পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা সকলো।

কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছত মাৰ্চ মাহৰ প্ৰথমটো দিনাই অসমত আহি উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। সোমবাৰে পুৱাৰ ভাগতে কংগ্ৰেছ নেত্ৰী গৰাকী বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ বিমান বন্দৰৰ পৰা পোনে পোনে যাত্ৰা কৰে মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ শক্তিপীঠ কামাখ্যা মন্দিৰলৈ।

কামাখ্যা মন্দিৰ দৰ্শনৰ পিছত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী লীলাবাৰী বিমান বন্দৰলৈ ৰাওনা হ’ব আৰু লখিমপুৰত এক সভাত অংশগ্ৰহণ কৰিব। লখিমপুৰৰ সভাৰ পিছত প্ৰিয়ংকা গান্ধী মহাপুৰুষ মাধৱ দেৱৰ জন্মস্থান লেতেকাপুখুৰীত উপস্থিত হৈ তাৰ পৰা গহপুৰলৈ ৰাওনা হ’ব। সোমবাৰে নিশা গহপুৰতে কটাব কংগ্ৰেছ নেত্ৰী গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply