লখিমপুৰ – নিবনুৱা সমস্যাৰ বিৰুদ্ধে সমগ্ৰ অসমব্যাপি কংগ্রেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণি কৰে কংগ্রেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। নিবনুৱা সমস্যাৰ বিৰুদ্ধে সমগ্ৰ অসমব্যাপি কংগ্রেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণি কৰে কংগ্রেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।
অসম ভ্ৰমণৰ প্ৰথম দিনটোত প্ৰিয়ংকা গান্ধীয়ে কংগ্রেছৰ “অসম বচাওঁ আহক” অভিযান কাৰ্যসূচীৰ অন্তৰ্গত ৰাজ্যখনৰ বৰ্ধিত নিবনুৱা সমস্যাৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰূপায়িত প্রতিবাদী কাৰ্যসূচী আৰম্ভণি কৰে। প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে সমূহ অসমবাসী ৰাইজৰ মংগল কামনা কৰি মা কামাখ্যা দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে। কভিড মহামৰীৰ বিভীষিকাৰ সময়ত নিবনুৱা সমস্যা আৰু ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ কংগ্রেছ নেত্ৰীগৰাকীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। লখিমপুৰত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে।
প্ৰিয়ংকা গান্ধীৰ লগতে লখিমপুৰত ৰূপায়িত প্ৰতিবাদী কার্যসূচীত নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক ভূপেন বৰা, ৰাণা গোস্বামী, বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ, সাংসদ গৌৰৱ গগৈ, কেম্পেইন কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুত বৰদলৈ, অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্রেছৰ প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন, নিখিল ভাৰত মহিলা কংগ্রেছ কমিটিৰ অধ্যক্ষ সুস্মিতা দেৱ, প্ৰাক্তন মন্ত্ৰী পবন সিং ঘাটোৱাৰ, ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ উপস্থিত থাকে।
লখিমপুৰৰ লগতে গুৱাহাটী মহানগৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটিৰ সভানেত্ৰী ডঃ জুৰি শৰ্মা বৰদলৈৰ নেতৃত্বত সংস্থাপনৰ দাবীত কংগ্ৰেছ দলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ প্ৰতিখন জিলাতে কংগ্ৰেছ দলে এই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যিক এন এছ ইউ আই, অসম প্ৰদেশ যুৱ কংগ্রেছ, অসম প্ৰদেশ কংগ্রেছ সেৱাদলৰ ইয়ং ব্ৰিগেড, প্ৰদেশ কংগ্রেছৰ সংখ্যালঘূ বিভাগৰ নেতা-কর্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি নিবনুৱা সকলক সংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰিছে।