টীয়ক,স্মৃতি প্ৰিয়া লাহনঃ পশ্চিম বংগৰ কলকাতাত যোৱা ২২ জুনৰ পৰা ২৭ জুনলৈকে অনুষ্ঠিত হোৱা দক্ষিণ-এছিয়া আচিহাৰা কাৰাটে চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰি সোণৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে যোৰহাট জিলাৰ টীয়কৰ প্ৰিয়ংকা গগৈয়ে৷

১৬ বছৰ অনুৰ্ধৰ ব্যক্তিগত শাখাত চমকপদ প্ৰদৰ্শনেৰে সোণৰ পদক জয় কৰা প্ৰিয়ংকা গগৈয়ে শিৱসাগৰ জিলাৰ ভিতৰুৱা অঞ্চল খনামুখত অৱস্থিত কিডচ কাৰাটে জ’ন নামৰ সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰত কাৰাটেৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছিল। প্ৰিয়ংকা যোৰহাট জিলাৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়ণ কৰি আছে৷

টীয়কৰ উত্তৰ-পূৱ প্ৰান্তৰ চিন্তামণিগড় গাঁৱৰ পাপা গগৈ আৰু অনিমা গগৈৰ কণ্যা প্ৰিয়ংকাই আৰ্থিক অনাটনৰ মাজতো কঠোৰ পৰিশ্ৰমেৰে সমৰকলাৰ সাধনা কৰি ইয়াৰ আগতেও জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বহু পদক আজুৰি আনিবলৈ সক্ষম হৈছে৷

লগতে পঢ়কঃAccident : গুৱাহাটীৰ হাতীগাঁৱত পথ দুর্ঘটনাত নিহত এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply