নিউজ ডেস্কঃ অসমীয়া চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান। গুৱাহাটীৰৰ হেঙেৰাবাৰীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে হাজৰিকাই। 

উল্লেখ্য় যে, পৰিচালক গুণসিন্ধু হাজৰিকাৰ জন্ম ১৯৩০ চনত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত। ১৯৬০ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। 

তেওঁ সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), মণিৰাম দেৱান (১৯৬৪), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল। নয়নমণি ছবিৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায়। 

চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ শেষকৃত্য মহানগৰ জিলা প্ৰশাসনৰ দ্বাৰা সম্পন্ন হ’ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনক ইতিমধ্যে এই নিৰ্দেশ প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply