চিৰাংঃ প্ৰতিদিনে অক্সিজেনৰ অভাৱত অকাল মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে ক’ভিড ৰোগীয়ে।ইয়াৰ মাজতে ৰাজ্য তথা চিৰাং জিলাবাসীৰ কাৰণে আহিছে এক সুখবৰ ।


প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন গেছ উৎপাদন কৰিব পৰা অত্যাধুনিক প্লান্ট স্থাপন হ’ব চিৰাং জিলাৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয় চৌহদত ।

আৰু পঢ়কঃমানকাচৰত একেলগে দুজন ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰেৰণ কৰা অত্যাধুনিক প্ৰযুক্তিৰ এই অক্সিজেন প্লাণ্টটো  আনুষ্ঠানিকভাৱে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ হাতত হস্তান্তৰ কৰা হয় ৷

ব্ৰিটেইন চৰকাৰে ভাৰতক চিকিৎসা সাহাৰ্য্য হিচাপে আগবঢ়াইছিল তিনিটাকৈ অক্সিজেন উৎপাদনকাৰী প্লান্ট ।

ব্ৰিটেইনৰ পৰা চিকিৎসা সাহাৰ্য্য হিচাপে আগবঢ়োৱা এই তিনিটা অক্সিজেন উৎপাদনকাৰী প্লান্টৰ ভিতৰত এখন প্লান্ট ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা অসমৰ চিৰাং জিলাৰ কাজলগাঁওত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply