অধ্যাপিকা, সুলেখিকা তথা অভিনেত্ৰী শ্ৰুতিমালা দুৱৰাই আজি ইহলিলা সম্বৰণ কৰে।

আজি পুৱা ১১.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কেইবছৰমান আগতে ডিম্বাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল শ্ৰুতিমালা দুৱৰা।

ড০ শ্ৰুতিমালা দুৱৰা গুৱাহাটীৰ সন্দিকৈ ছোৱালী কলেজৰ এগৰাকী সহযোগী অধ্যাপিকা তথা ইংৰাজী বিভাগৰ মুৰব্বী আছিল।

শ্ৰুতিমালা দুৱৰাই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত ‘মাই জাৰ্নি থ্ৰু কেন্সাৰ’ শীৰ্ষক কিতাপখন লিখিছিল।

তেওঁ উত্তৰ-পূবৰ নইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্যও আছিল।

এগৰাকী দ্বিভাষিক লেখিকা দুৱৰাৰ ইংৰাজীত লিখা তিনিখন উপন্যাস আৰু চাৰিখন চুটি গল্পৰ সংকলনৰ ভিতৰত আছে ক্ৰমে–  দ্য চানছেট আৱাৰ এণ্ড আদাৰ ষ্টৰীজ (১৯৯৮), ৱেটিং ফৰ দা লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলান ইভিনিং (২০০০) আৰু দ্য মিচিং লিংক।

আনহাতে, লায়ন্স ক্লাবে ২০১৫ চনৰ এপ্ৰিলত তেওঁক “নাৰী শক্তি বঁটা” প্ৰদান কৰিছিল।

আৰু ২০১৬ চনত তেওঁ আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদ, অসম খণ্ডৰ পৰা “বছৰটোৰ মহিলা” বঁটা লাভ কৰিছিল।

শ্ৰুতিমালা দুৱৰাৰ মৃত্যুৱে ৰাজ্যখনৰ শৈক্ষিক-সাংস্কৃতিক মহলত শোকৰ ছাঁ পেলাইছে।

সামাজিক মাধ্যমত শিক্ষাবিদগৰাকীৰ মৃত্যুত ছাত্ৰ সমাজে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply