নিউজ ডেস্ক : পেগাছাচ কাণ্ডই বিশ্বৰ ৰাজনৈতিক মহলত জোকাৰনিৰ সৃষ্টি কৰিছে। সংস্থা Forbidden Stories আৰু Amnesty international-এ প্ৰকাশ কৰা মতে পেগাছাচ (Pegasus) নামৰ ইজৰাইলী স্পাইৱেৰ (spyware) জৰিয়তে বিভিন্ন দেশৰ চৰকাৰে সাংবাদিক, অধিবক্তা, ৰাজনৈতিক ব্যক্তিসকলৰ ওপৰত চোৰাংচোৱাগিৰি চলাই আহিছে।
শেহতীয়াভাৱে বাহিৰলৈ অহা এখন তালিকাত বিশ্বৰ ৫০ হাজাৰ লোকৰ নাম প্ৰকাশ পাইছে যি এই চোৰাংচোৱাগিৰিৰ সাম্ভাব্য চিকাৰ হৈছে ইয়াত ভাৰতৰ ৪০ গৰাকীতকৈ অধিক সাংবাদিকৰ নামো আছে।
ভাৰতীয় সংবাদ প্ৰতিষ্ঠান The Wire-ৰ এক শেতহীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দেশৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধি, নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰ আৰু নতুন তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱো পেগাছাচ স্পাইৱেৰৰ সাম্ভ্যব্য চিকাৰ।
কি হয় এই পেগাছাচ স্পাইৱেৰ (Pegasus spyware)?
পেগাছাচ স্পাইৱেৰ হৈছে ইজৰাইলৰ চোৰাংচোৱা কোম্পানী NSO Group-ৰ দ্বাৰা নিৰ্মিত এক হেকিং ছফ্টৱেৰ। ২০১৬ চনত এই ছফ্টৱেৰটো নিৰ্মাণ কৰা হৈছিল। এই ছফ্টৱেৰ মোবাইল ফোন বা আন ডিভাইচসমূহত গোপনে ইন্স্টল কৰিব পাৰি। এই পেগাছাচ স্পাইৱেৰে টাৰ্গেট ডিভাইচৰ টেক্স্ট মেছেজ পঢ়িব পাৰে, ফোন কল ট্ৰেক কৰিব পাৰে, পাছৱৰ্ড গোটাব পাৰে লোকেশ্যন ট্ৰেক কৰিব পাৰে।
ভাৰতত কি ঘটিছে?
The Wire-ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ভাৰতৰ ৪০ গৰাকীতকৈ অধিক সাংবাদিকৰ ফোন নম্বৰ লীক হোৱা তালিকাত প্ৰকাশ পাইছে, এওঁলোকৰ ভিতৰত Hindustan Times, India Today, Network18, The Hindu আৰু Indian Express –ৰ কেইবা গৰাকী শীৰ্ষ পৰ্য্যায়ৰ সাংবাদিক আছে।
দেওবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আগে আগে প্ৰকাশ পোৱা এক প্ৰতিবেদনত উল্লেখ কৰা মতে দেশৰ ৩০০ গৰাকী ব্যক্তিৰ ফোন হেক কৰিবলৈ পেগাছাচ স্পাইৱেৰ ব্যৱহাৰ কৰা হৈছিল। এই সকলৰ ভিতৰত বহু কেইগৰাকী সাংবাদিক, অধিবক্তা, ৰাজনৈতিক ব্যক্তি, বিৰোধী নেতাৰ নাম আছে।
প্ৰতিবেদনটোত কোৱা মতে যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে ২০১৮ আৰু ২০১৯ চনত এই সকলক ব্যক্তিক টাৰ্গেট কৰা হৈছিল।
উক্ত প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতেই বিষয়টোক লৈ সংসদত বিৰোধীয়ে চৰকাৰক আক্ৰমণ চলায়। যিহেতু ইজৰাইলী কোম্পানীটোৱে কেৱল বিভিন্ন দেশৰ চৰকাৰসমূহকহে স্পাইৱেৰটো বিক্ৰী কৰা হৈছে বুলি কৈ আহিছে গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি বিৰোধীয়ে আঙুলি টোঁৱাইছে।
চৰকাৰৰ ফালৰ পৰা এনে কাৰ্য নাই কৰা বুলি কোৱা হৈছে যদিও ১৮ জুলাইত সন্মুখলৈ অহা পেগাচাছ বিষয়টোক লৈ চৰকাৰে ১৭ জুলাইত কিয় আগতীয়াকৈ বিবৃতিটো প্ৰস্তুত কৰিছিল তাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ উপৰি এখন বগা কাগজত কাৰো চীল চহী নোহোৱাকৈ চৰকাৰে দিয়া বিবৃতিটো কোন বিভাগৰ পৰা আহিছে সেই সম্পৰ্কে কোনো স্পষ্ট উল্লেখ নাই।
লগতে পঢ়ক : সীমা সমস্যা : অসমৰ বিৰুদ্ধে মানৱ অধিকাৰ ভংগৰ অভিযোগ মিজোৰামৰ