তামুলপুৰ : তামুলপুৰৰ কচুবাৰীত দেওবাৰে চিকিৎসা মহাবিদ্যালয়ৰ গুৱাহাটীৰ পৰা ডিজিটেলভাৱে আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো।
তামুলপুৰৰ কচুবাৰীৰ ৰাইজে দান কৰা ২০০ বিঘা ভূমিত হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পূৰ্বে সম্প্ৰতি তামুলপুৰৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছেl বড়ো শান্তি চুক্তি মতে তামুলপুৰত হ’বলৈ গৈ আছে এই চিকিৎসা মহাবিদ্যালয়।
লগতে পঢ়ক : ক’ভিড ভেকচিন কেন্দ্ৰত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট
শনিবাৰে কচুবাৰীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে তামুলপুৰৰ বিভিন্ন দল-সংগঠনৰ লগত অনাগত তমুলপুৰৰ জিলা সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰে।